Begin typing your search above and press return to search.

জে চি বি সাহিত্য বঁটাৰ জুৰীৰ সদস্যৰূপে নিৰ্বাচিত অসমৰ যুৱ লেখক আৰুণি কাশ্যপ

জে চি বি সাহিত্য বঁটাৰ জুৰীৰ সদস্যৰূপে নিৰ্বাচিত অসমৰ যুৱ লেখক আৰুণি কাশ্যপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 May 2020 11:36 AM GMT

জে চি বি সাহিত্য বঁটাৰ জুৰীৰ সদস্যৰূপে নিৰ্বাচিত অসমৰ লেখক-অনুবাদক আৰুণি কাশ্যপ

অসমৰ যুৱ-প্ৰজন্মৰ অন্যতম বলিষ্ঠ লেখক-অনুবাদক আৰুণি কাশ্যপে এক গৌৰবৰ বাৰ্তা কঢ়িয়াই আনিছে। বিশ্বজুৰি একাধিক গ্ৰন্থৰ ৰচিয়তা কাশ্যপ তৃতীয়সংখ্যক জে চি বি সাহিত্য বঁটাৰ জুৰীৰ সদস্যৰূপে নিৰ্বাচিত হৈছে। একাধিক ভিন্ন বিষয়বস্তুৰ গ্ৰন্থৰ লগতে অসমীয়া আৰু ইংৰাজী ভাষাৰ বিভিন্ন কাকতত আৰুণিয়ে নিয়মীয়াভাবে লিখি আহিছে। তেওঁৰ লগতে সংগীত নাটক একাডেমীৰ প্ৰাক্তন সভাপতি লীলা ছেমছন, লেখক তেজশ্বী নীৰাঞ্জনা, নাট্যকাৰ আৰু নাট পৰিচালক ৰামু ৰামানাথন আৰু টাটা ষ্ট্ৰাষ্টৰ কলা আৰু সংস্কৃতি বিভাগৰ প্ৰধান দীপিকা ছোৰাবজী জুৰীৰ সদস্য হিচাপে আছে। জেচিবি সাহিত্য পুৰষ্কাৰ বিজয়ীগৰাকীয়ে ২৫ লাখ টকা লাভ কৰে। আনহাতে, নিৰ্বাচিত লেখকসকলে এক লাখ টকাকৈ লাভ কৰে।ইংৰাজীৰ উপৰি অন্য ভাষাৰ লিখনিক ইংৰাজীলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত এই পুৰস্কাৰৰ বাবে বিবেচিত কৰা হয়। একাধিক নিৰ্বাচিত গ্ৰন্থ অনুবাদ কৰিলে অতিৰিক্তভাৱে ৫০হেজাৰ টকা আগবঢ়োৱা হয়।

আনহাতে, অনুবাদৰ ক্ষেত্ৰত বিজয়ীগৰাকীয়ে ১০ লাখ টকা লাভ কৰিব পুৰস্কাৰ হিচাপে। ২০১৯ বৰ্ষত মাধুৰী বিজয়ৰ প্ৰথম উপন্যাস দ্যা ফাৰ ফিল্ডে এই পুৰষ্কাৰ লাভ কৰে।

চলিত বৰ্ষৰ বিজয়ীৰ নাম অহা এক ছেপ্টেম্বৰত ঘোষণা কৰা হব। 'দ্যা হাউচ উইথ এ থাউজেণ্ড ষ্টোৰীজ'ৰ লেখক আৰুণি কাশ্যপে মামনি ৰয়ছম গোস্বামীৰ গ্ৰন্থও ইংৰাজীলৈ অনুবাদ কৰিছে।

Next Story