কা-আন্দোলনৰ নেত্ৰী-অভিনেত্ৰী আশা বৰদলৈসহ চাৰিজন বিজেপিলৈ

কা-আন্দোলনৰ নেত্ৰী-অভিনেত্ৰী আশা বৰদলৈসহ চাৰিজন বিজেপিলৈ

উল্লেখ্য যে জনপ্ৰিয় অভিনেতা যতীন বৰায়ো পুনৰ বিজেপিলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
Published on

ৰাজ্যত নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী আন্দোলনৰ অন্যতম নেত্ৰী তথা অভিনেত্ৰী আশা বৰদলৈসহ চাৰিজন বিখ্যাত ব্যক্তিয়ে আজি বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰে। এই উপলক্ষ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত দলৰ এখন সভা অনুষ্ঠিত হয়। সভাত অভিনেত্ৰী বৰদলৈৰ লগতে সংগীত শিল্পী বিদ্যাসাগৰেও বিজেপিত যোগদান কৰে।

তদুপৰি আন ভালেসংখ্যাক ব্যক্তিয়েও বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰে।উল্লেখ্য যে জনপ্ৰিয় অভিনেতা যতীন বৰায়ো পুনৰ বিজেপিলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com