ৰাজ্যত আৰু ১২ ক'ৱিড-১৯মহামাৰী আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

যোৱা নিশা আৰু ১২জন ৰোগীক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে
ৰাজ্যত আৰু ১২ ক'ৱিড-১৯মহামাৰী আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি
Published on

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীক লৈ আতংকিত জনতালৈ আৰু এক স্বস্তিৰ বতৰা ৷ অসমত সুস্থ হৈ আৰু ১২জন ক'ৱিড-১৯মহামাৰী আক্ৰান্তই চিকিৎসালয়ৰ পৰা অব্যাহতি লৈছে ৷ কিছু সময় পূৰ্বে এই কথা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয়, " যোৱা নিশা আৰু ১২জন ৰোগীক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে। এই ব্যক্তিসকলক ৰাজ্যৰ বিভিন্ন হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। অৱশ্যে বৰ্তমানেও ৰাজ্যত ভাইৰাছ সক্ৰিয় হৈ থকা ২,০২৯জন ৰোগী আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com