গান্ধীৰ অতি ক্ষুদ্ৰ ছবি অংকণেৰে অভিলেখ গঢ়িলে ছাত্ৰ স্বপ্নীলে

তেওঁ ‘অসম বুক অফ ৰেকৰ্ডছ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
গান্ধীৰ অতি ক্ষুদ্ৰ ছবি অংকণেৰে অভিলেখ গঢ়িলে ছাত্ৰ স্বপ্নীলে
Published on

মাথোঁ ৩০ মিনিটতে জাতিৰ পিতা গান্ধীৰ এখন অতি ক্ষুদ্ৰ চিত্ৰ অংকন কৰি ৰাজ্যৰ এজন মেধাৱী ছাত্ৰই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ স্বপ্নীল নাজিৰে আধা ঘণ্টাৰ ভিতৰতে আঁকি উলিয়াইছে ১০ মিলিমিটাৰ আৰু ১৪ মিলিমিটাৰ প্ৰস্তৰ এই ছবি। ছবিখনৰ বাবে তেওঁ 'অসম বুক অফ ৰেকৰ্ডছ'ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এখন ক্ষুদ্ৰ কাগজত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ৰাষ্ট্ৰীয় পতাকা ধৰি থকা দুজন ব্যক্তিৰ ছবি অংকন কৰিছে স্বপ্নীলে।

এই অভিলেখ গঢ়াৰ পাছত তেওঁ সাংবাদিকৰ আগত কয়, "মই সৰুৰে পৰা ছবি আঁকি ভাল পাওঁ। যোৰহাটৰ বাহনা চাৰুকলা বিদ্যালয়ত চিত্ৰকলাৰ প্ৰশিক্ষণ লৈছো। মই এই পাঠ্যক্ৰমৰ পাঁচ বছৰ সম্পূৰ্ণ কৰিছো। এইবাৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই বিশেষ ক্ষুদ্ৰ ছবিখন আঁকিলো। অসম বুক অব ৰেকৰ্ডছে মোক স্বীকৃতি প্ৰদান কৰিছে।"

স্বপ্নীল হৈছে অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক অশোক কুমাৰ নাজিৰ আৰু সৰস্বতী দত্ত নাজিৰৰ পুত্ৰ। তেওঁৰ এই কৃতিত্বত স্থানীয় ৰাইজে গৌৰৱবোধ কৰিছে। সম্প্ৰতি স্বপ্নীলে অসম কৃষি বিশ্ববিদ্যালয়ৰ কমিউনিটি ছায়েন্সৰ তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি আছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com