ছেবা- শিক্ষা সংসদক চামিলকৰণৰ সিদ্ধান্ত অসম কেবিনেটৰ

ছেবা- শিক্ষা সংসদক চামিলকৰণৰ সিদ্ধান্ত অসম কেবিনেটৰ
ছেবা- শিক্ষা সংসদক চামিলকৰণৰ সিদ্ধান্ত অসম কেবিনেটৰ
Published on

অসম মাধ্যমিক শিক্ষা বোৰ্ড (ছেবা) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক চামিলকৰণৰ সিদ্ধান্ত লৈছে অসম কেবিনেটে। বুধবাৰে বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত বহা কেবিনেট বৈঠকে লোৱা সিদ্ধান্ত অনুসৰি ছেবা আৰু শিক্ষা সংসদক চামিল কৰা হব। কেবিনেটে লগতে ২০২ৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়নৰো সিদ্ধান্ত লয়।

এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ১৯৮৬ৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ স্থান লব। এই শিক্ষা নীতিৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাৰ দোষ-ত্ৰুটি ২০৪০-ৰ ভিতৰত আঁতৰোৱাৰ লক্ষ্য লোৱা হৈছে। এই শিক্ষা নীতিত ভকেচনেল শিক্ষাগ্ৰহণৰো সুবিধা প্ৰদান কৰা হব। গ্ৰামীণ আৰু নগৰ-দুয়োটাতে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সাধনৰো লক্ষ্য লোৱা হৈছে। 

আনহাতে, অসম চৰকাৰে উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটা কলেজৰ পৰা আঁতৰাই হাইস্কুলৰ লগত সংলগ্ন কৰাৰো লক্ষ্য লৈছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com