Begin typing your search above and press return to search.

আমি একে সময়তে অন্ততঃ পাঁচ হেজাৰ ক'ৰ'না ৰোগীক চিকিৎসা দিব পাৰিমঃ মন্ত্ৰী শৰ্মা

পাঁচ হেজাৰ ক’ৰ’না ৰোগীক চিকিৎসা কৰিব পৰাকৈ সা-সৰঞ্জাম সকলো দিশৰ পৰা স্বাস্থ্য বিভাগ সাজু হৈছে

আমি একে সময়তে অন্ততঃ পাঁচ হেজাৰ কৰনা ৰোগীক চিকিৎসা দিব পাৰিমঃ মন্ত্ৰী শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2020 9:08 AM GMT

আমি একে সময়তে অন্ততঃ পাঁচ হেজাৰ ক'ৰ'না ৰোগীক চিকিৎসা দিব পাৰিমঃ মন্ত্ৰী শৰ্মা

ৰাজ্যত অন্ততঃ পাঁচ হেজাৰ পৰ্যন্ত ক'ৰ'না ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰাকৈ সাজু হৈ উঠিছে স্বাস্থ্য বিভাগ। অসমত দ্ৰুতহাৰত ক'ৰ'না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এই কথা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।আজি স্বাস্থ্য মন্ত্ৰীয়ে কয় যে একে সময়তে অন্ততঃ পাঁচ হেজাৰ ক'ৰ'না ৰোগীক চিকিৎসা কৰিব পৰাকৈ সা-সৰঞ্জাম সকলো দিশৰ পৰা স্বাস্থ্য বিভাগ সাজু হৈছে । " আজি আমি আঠশ ক'ৰ'না ৰোগীক চিকিৎসা প্ৰদান কৰি আছো ৷ আমি চিকিৎসা সঁজুলি আৰু সা-সৰঞ্জামসহ সাজু হৈছো। গতিকে ক'ৰ'নাক লৈ কোনো লোক আতংকিত হোৱা নাই। এতিয়া পাঁচ হেজাৰ ক'ৰ'না ৰোগীৰ বাবে বিছনা সাজু কৰি ৰাখিছো ৷ ইয়াৰে পাঁচ-ছয়শ বিছনা ক'ৰ'নাত আক্ৰান্ত হোৱা লক্ষণ ফুটি উঠা ৰোগীৰ বাবে ৷ আমি একে সময়তে পাঁচ হেজাৰ ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ'ম," মন্ত্ৰীজনে এইদৰে কয় ।

উল্লেখ্য যে অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে ৷ আজি নতুনকৈ আৰু ৩৫ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়। ফলত ৰাজ্যত এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯১০ জনলৈ বৃদ্ধি পাইছে । এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৩৫ ক'ৰ'না আক্ৰান্তৰ ১৬জন গোৱৰ, আঠজন কামৰুপ মহানগৰৰ, ছজন কৰিমগঞ্জৰ, দুজন লখিমপুৰৰ, দুজন কাচাৰৰ, আৰু এজন হোজাইৰ, দুজন হাইলাকান্দিৰ আৰু দুজন কাৰ্বি আংলঙৰ। ফলত সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড পজিটিভ লোকৰ সংখ্যা আঠশ হৈছে ৷

আনহাতে, কালি সন্ধিয়া আজি সন্ধিয়া গুবাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা ১৫ জন সুস্থ হোৱা ক'ৰ'না ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ একেদৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰাও ১জন ক'ৰোনা আৰোগ্যক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ ফলত ৰাজ্যত ক'ৰ'না আৰোগ্যৰ সংখ্যা ১০৩ গৰাকীলৈ বৃদ্ধি পাইছে।

আৰু পঢ়িব পাৰেঃ হোজাইৰ বান পৰিস্থিতি পুনৰীক্ষণ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ

Next Story