ইচ্ছাই আদিমূলঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল কাঠমিস্ত্ৰীৰ কন্যা

পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে চৰকাৰ আৰু বে-চৰকাৰী সংগঠনৰ পৰা সহায় বিচাৰিছে মেধাবী বৰ্ষাই
ইচ্ছাই আদিমূলঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল কাঠমিস্ত্ৰীৰ কন্যা

ইচ্ছাই আদিমূলঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল কাঠমিস্ত্ৰীৰ কন্যা

অদম্য ইচ্ছাশক্তিৰ ওচৰত যে একোৱেই বাধা হ'ব নোৱাৰে, এই কথা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে পুনৰ প্ৰমাণিত কৰিলে। কালি ফলাফল ঘোষিত এই পৰীক্ষাত আৰ্থিক অভাৱ-অনাটন আদিৰ প্ৰত্যাহ্বানক হেলাৰঙে অতিক্ৰম কৰি উজলি উঠিল বহুকেইগৰাকী দৃঢ়মনা ছাত্ৰ-ছাত্ৰী ৷ এনে এগৰাকী ছাত্ৰী হ'ল গোলাঘাট জিলাৰ সৰুপথাৰৰ বৰ্ষা গগৈ ৷ বৰ্ষাৰ পিতৃ বিমল গগৈ কাঠমিস্ত্ৰী আৰু মাতৃ মৰমী গগৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মী ৷ বৰ্ষাই এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৯.৮৩শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছে। মেধাবী ছাত্ৰীগৰাকীয়ে সাধাৰণ গণিত, অসমীয়া আৰু সমাজ বিজ্ঞানত "লেটাৰ নম্বৰ" লাভ কৰিছে ৷ বৰ্ষাৰ এই সফলতাই অঞ্চলটোত আনন্দৰ বন্যা বোৱাইছে ৷ আনহাতে, ফলাফলক লৈ উৎফুল্লিত দৃঢ়চেতা ছাত্ৰীগৰাকীয়ে দ্যা ছেণ্টিনেল ডিজিটেলক কয় যে এনে ফলাফল প্ৰদৰ্শন কৰি তেওঁ সুখী ৷ ইয়াৰ বাবে তেওঁ পিতৃ-মাতৃৰ ওচৰত চিৰঋণী হৈ ৰব বুলি কয়। ছাত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁলোকৰ গাঁওলৈ এতিয়াও বিদ্যুৎ সংযোজ নাই ৷ গতিকে তেওঁ কেৰাচিনৰ লেম্পৰ পোহৰত পঢ়িব লগা হৈছিল । পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে চৰকাৰ আৰু বে-চৰকাৰী সংগঠনৰ পৰা সহায় বিচাৰি মেধাবী বৰ্ষাই আৰু কয়, " মোৰ পিতৃ-মাতৃয়ে মোৰ উচ্চ শিক্ষাৰ খৰচ বহন কৰাত অপাৰগ ৷ গতিকে মই মোৰ সপোন দিঠকত পৰিণত কৰাৰ বাবে শিক্ষা বিভাগ আৰু বে-চৰকাৰী সংগঠনৰ সহায় কামনা কৰিছো"৷ স্বাভাৱিকতে কন্যাৰ ফলাফলক লৈ উৎফুল্লিত হৈ উঠিছে বৰ্ষাৰ পিতৃ-মাতৃও ৷ "মই মধ্যাহ্ন ৰন্ধন কৰ্মী ৷ মোৰ আয় তেনেই কম ৷ মোৰ স্বামীৰো আয়ৰ উৎস নিয়মীয়া নহয় ," বৰ্ষাৰ মাতৃয়ে এইদৰে কয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com