ইন্ধনৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ ধৰ্ণা

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আদিয়েও অংশগ্ৰহণ কৰে
ইন্ধনৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ ধৰ্ণা

ইন্ধনৰ তথা পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি বুধবাৰে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী কংগ্ৰেছে ৷ ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ মাজতে বিভিন্ন কৰ আৰু শুল্ক আৰোপেৰে ইন্ধনৰ মূল্যবৃদ্ধি ঘটাইছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৷ ইয়ে জনতাক মাধমাৰ সোধোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এনে অৱস্থাতে আজি ইন্ধনৰ এই বৰ্ধিত মূল্য প্ৰত্যাহাৰৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছে দলৰ গুৱাহাটীৰ এ বি চিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অৱস্থান ধৰ্মঘট পালন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আদিয়েও অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰি ততকালেই ইন্ধনৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ৷লগতে প্ৰতিবাদকাৰীসকলে আন কেতবোৰ অভিযোগ উত্থাপন কৰিও কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰক সমালোচনা কৰে। তদুপৰি প্ৰতিবাদকাৰীসকলে ধৰ্মঘটস্থলীত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতিও দাহ কৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com