Begin typing your search above and press return to search.
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১,৮৬৪লৈ বৃদ্ধি
সম্প্ৰতি ৰাজ্যত এক্টিভ ক’ৰ’না পজিটিভৰ সংখ্যা ৭,৭০৫জন হৈছে

অসমত দ্ৰুতগতিত বৃদ্ধি পাই আছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাবে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১,৮৬৪জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা মতে, ৰাজ্যত নতুনকৈ ১,২১৮ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে।ফলত এনেদৰে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। সম্প্ৰতি ৰাজ্যত এক্টিভ ক'ৰ'না পজিটিভৰ সংখ্যা ৭,৭০৫জন হৈছে।
Next Story