
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬৯৩ লৈ বৃদ্ধি, আৰু ১২ জন পজিটিভ চিনাক্ত
অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৬৯৩জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ১২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। ফলত ৰাজ্যত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ২৬৯৩জন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০৫০জনলৈ বৃদ্ধি পাইছে।