অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৩১৯ লৈ বৃদ্ধি, আৰু ১০জন পজিটিভ চিনাক্ত

ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,১০৩জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৩১৯ লৈ বৃদ্ধি, আৰু ১০জন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,৩১৯জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ১০জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ১০ ক'ৰ'না আক্ৰান্তৰ ৩জন ধেমাজিৰ, ৩ জন ওদালগুৰিৰ, ২জন শোণিতপুৰৰ, এজন নগাঁৱৰ আৰু এজন হোজাইৰ । ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,১০৩জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com