অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫,৮৫৩ জনলৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫,৮৫৩ জনলৈ বৃদ্ধি

সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,২৭৬ জনলৈ বৃদ্ধি পাইছে।
Published on

অসমত ক'ৰ'নাৰ সংক্ৰমণ ঘটি আছে। অৰ্থাত্ আক্ৰান্তৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যত ৫,৮৫৩জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শেহতীয়াকৈ ৰাজ্যত আৰু ২৬৭ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫৮৫৩ জনলৈ বৃদ্ধি পাইছে। এই ২৬৭ জন ক'ৰ'না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ। আনহাতে, সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,২৭৬ জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com