অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬৮৬লৈ বৃদ্ধি, আৰু ৪ জন পজিটিভ চিনাক্ত

এই চাৰিজন লোকৰ তিনিজন নগাঁৱৰ আৰু এজন ধেমাজিৰ।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬৮৬লৈ বৃদ্ধি, আৰু ৪ জন পজিটিভ চিনাক্ত
Published on: 

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬৮৬লৈ বৃদ্ধি, আৰু ৪ জন পজিটিভ চিনাক্ত

শেহতীয়া তথ্য অনুসৰি ক'ৰ'না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি অসমত ৬৮৬ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি নতুনকৈ চাৰিজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিচে ৷ এই চাৰিজন লোকৰ তিনিজন নগাঁৱৰ আৰু এজন ধেমাজিৰ। এই লোক কেইজন পজিটিভ চিনাক্ত হোৱাৰ লগে লগে সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ৬১৭ জনলৈ বৃদ্ধি পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com