সুস্থ হ'লঃ অসমত আৰু ৫ জন ক'ৰ'না আক্ৰান্ত চিকিৎসালয়ৰ পৰা ঘৰলৈ

তেওঁলোকক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।
সুস্থ হ'লঃ অসমত আৰু ৫ জন ক'ৰ'না আক্ৰান্ত চিকিৎসালয়ৰ পৰা ঘৰলৈ
Published on

সুস্থ হ'লঃ অসমত আৰু ৫ জন  আক্ৰান্ত চিকিৎসালয়ৰ পৰা ঘৰলৈ

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উদ্বেগজনক হৈ থকাৰ সময়তে এক স্বস্তিৰ বাৰ্তা আহিছে। এই মহামাৰীত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা পাঁচজন লোক সুস্থ হৈছে। সেই সূ্ত্ৰে তেওঁলোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি পিছবেলা এই লোককেইজনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াৰে তিনিজন গুৱাহাটীত আৰু দুজন যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছিল। আটাইকেইজনৰ শেহতীয়া দুটা নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ হয়। এই পাঁচজন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ লগে লগে অসমত সুস্থ হোৱা ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com