বহিঃৰাজ্যৰ পৰা লোকৰ কোৱাৰেণ্টিনৰ ম্যাদ হ্ৰাস অসম চৰকাৰৰ

এই ১০ দিনতে আনুষ্ঠানিক বা হোটেল আৰু গৃহ আছুতীয়াকৰণকো সামৰি লোৱা হৈছে।
বহিঃৰাজ্যৰ পৰা  লোকৰ কোৱাৰেণ্টিনৰ ম্যাদ হ্ৰাস অসম চৰকাৰৰ

কোৱাৰেণ্টিনৰ সময় হ্ৰাস পালে বহিঃৰাজ্যৰ পৰা গৃহলৈ অহা লোকৰ ।মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে অসম চৰকাৰে এই সংক্ৰান্তীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা সদৰী কৰি স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে বহিঃৰাজ্যৰ পৰা অহা লোকৰ ক্ষেত্ৰত কোৱাৰেণ্টিনৰ সময় ১৪ দিনৰ পৰা সম্প্ৰতি ১০ দিনলৈ হ্ৰাস কৰা হৈছে। এই ১০ দিনতে আনুষ্ঠানিক বা হোটেল আৰু গৃহ আছুতীয়াকৰণকো সামৰি লোৱা হৈছে।

নিৰ্দেশনাটোত এই কথা অধিক স্পষ্ট কৰি কোৱা হয় যে যদি এনে এজন ব্যক্তিয়ে হোটেল বা আনুষ্ঠাননিক কোৱাৰেণ্টিনত দুদিন থাকে, তেন্তে তেওঁ আৰু আঠদিন হোম কোৱাৰেণ্টিনত থাকিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com