অভিলাসী অৰুণোদয় আঁচনিৰ গাইডলাইন প্ৰকাশ অসম চৰকাৰৰ

এটা পৰিয়ালৰ ১৮ বছৰ উৰ্ধৰ এগৰাকী মহিলাই এই ধন লাভ কৰিব। মহিলাগৰাকীৰ একাউণ্টত ধন জমা হব।
অভিলাসী অৰুণোদয় আঁচনিৰ গাইডলাইন প্ৰকাশ অসম চৰকাৰৰ
Published on

অভিলাসী অৰুণোদয় আঁচনিৰ গাইডলাইন তথা নীতি-নিৰ্দেশনাসূচী প্ৰকাশ কৰিলে অসম চৰকাৰে। এই আঁচনিৰ অধীনত অহা ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৯ লাখ পৰিয়াললৈ মাহিলী ৮৩০টকাকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিব। আঁচনিখন চৰকাৰী স্তৰত কেনেদৰে ৰূপায়ন কৰা হব, তাৰ আজি নীতি-নিৰ্দেশনা জাৰি কৰে বিত্ত বিভাগে। বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই কথা প্ৰকাশ কৰি কয় যে আৰ্থিকভাবে দুৰ্বল পৰিয়ালসমূহক এই আঁচনিয়ে সকাহ প্ৰদান কৰিব।

আঁচনিখনৰ অধিসূচনা অনুসৰি ইয়াৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকলক সবল কৰি তুলিব বিচৰা হৈছে।এই আঁচনিৰ অধীনত আৰ্থিকভাবে দুৰ্বল পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। এনে এটা পৰিয়ালৰ ১৮ বছৰ উৰ্ধৰ এগৰাকী মহিলাই এই ধন লাভ কৰিব। মহিলাগৰাকীৰ একাউণ্টত ধন জমা হব। অৱশ্যে চৰকাৰী চাকৰিয়াল, বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ প্ৰতিনিধি আৰু সমবায় সমিতিসমূহৰ কৰ্মচাৰীক এই আঁচনিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ইয়াৰ পূৰ্বে এখন মন্ত্ৰী শৰ্মাই কয় যে আজি তথা ১৭ আগষ্টৰ পৰা উক্ত আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com