নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়নৰ বাবে ৪০ জনীয়া সমিতি গঠন ৰাজ্য চৰকাৰৰ

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়নৰ বাবে ৪০ জনীয়া সমিতি গঠন ৰাজ্য চৰকাৰৰ

এসপ্তাহৰ ভিতৰত এই সমিতিয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব।
Published on

অলপতে ঘোষিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়নৰ বাবে অসম চৰকাৰে ৪০ জনীয়া এখন সমিতি গঠনৰ ব্যৱস্থা কৰিছে। আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেলত মন্ত্ৰী শৰ্মাই কয় যে শিক্ষা বিভাগৰ প্ৰধান সচিবৰ তদাৰকীত এই ৪০ জনীয়া সমিতি গঠন কৰি থকা হৈছে। এসপ্তাহৰ ভিতৰত এই সমিতিয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব।

অহা বছৰৰ জানুৱাৰীৰ ভিতৰত "এই শিক্ষানীতি ৰূপায়নৰ ব্লু-প্ৰিণ্ট সাজু কৰি তোলা হব বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এই শিক্ষা নীতিত ঘোষিত নতুন ৫+৩+৩+৪ গাঁথনিত বৰ্তমানে থকা প্লে-স্কুলক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ অধীনলৈ অনা হব। উল্লেখ্য যে এই নতুন শিক্ষানীতি অনুসৰি পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাত শিক্ষাদান কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com