Begin typing your search above and press return to search.

ক'ৰ'নাঃ হাস্পতালৰ পৰা অব্যাহতিৰ পাছত হোম কোৱাৰেণ্টিনত থাকিব লাগিব ৭ দিনঃ স্বাস্থ্য মন্ত্ৰী

ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে সকলো ক’ৰ’না আক্ৰান্তক হাস্পতালৰ পৰা যোৱাৰ পাছত দুহেজাৰ টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিছিল

কৰনাঃ হাস্পতালৰ পৰা অব্যাহতিৰ পাছত হোম কোৱাৰেণ্টিনত থাকিব লাগিব ৭ দিনঃ স্বাস্থ্য মন্ত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2020 6:18 AM GMT

সুস্থ হৈ হাস্পতালৰ পৰা যোৱাৰ পাছত ক'ৰ'না আক্ৰান্ত ব্যক্তিয়ে সাতদিন গৃহ আছুতীয়াকৰণ বা হোম কোৱাৰেণ্টিনত থাকিব লাগিব। সম্প্ৰতি এই কথা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুস্থ হোৱা ক'ৰ'না আক্ৰান্তক এনে এক সকাহ প্ৰদান কৰি মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে সুস্থ হোৱা ক'ৰ'না আক্ৰান্তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এনেদৰে হোম কোৱাৰেণ্টিনৰ সময় হ্ৰাস কৰিছে। ইয়াৰ পূৰ্বে এনে হোম কোৱাৰেণ্টিনৰ সময় ১৪ দিন আছিল। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে বৰ্তমানৰে পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোক, বয়সস্থ ব্যক্তি, অসুস্থ ব্যক্তি আৰু বিশেষভাবে সক্ষম ব্যক্তিক প্ৰয়েজন অনুসৰি দুহেজাৰ টকাৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিব।

ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে সকলো ক'ৰ'না আক্ৰান্তক হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ পাছত দুহেজাৰ টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিছিল। ইপিনে, ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ৩০ ঘৰক স্পৰ্শ কৰো কৰো অৱস্থাত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৯, ৯২১জন হৈছে।


আৰু পঢ়িব পাৰেঃ চাবুৱাৰ আৰ ডি ধাবাৰ পৰা ২০ হেজাৰ লিটাৰ ভেজাল ডিজেল জব্দ

Next Story
চাকৰি