তলাবন্ধ খোলাৰ পাছতে অসম চৰকাৰে নিযুক্তি দিব কমেও ৯ হেজাৰ শিক্ষক

শিক্ষক পদত নিযুক্তিৰ বাবে ৭০হেজাৰ টে’ট উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন জনাইছে
তলাবন্ধ খোলাৰ পাছতে অসম চৰকাৰে নিযুক্তি দিব কমেও ৯ হেজাৰ শিক্ষক

তলাবন্ধ খোলাৰ পাছতে অসম চৰকাৰে নিযুক্তি দিব কমেও ৯ হেজাৰ শিক্ষক

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি ঘোষিত তলাবন্ধ অন্ত পৰাৰ পাছতে অসম চৰকাৰে নিযুক্তি দিব ৯ হেজাৰৰো অধিক শিক্ষক ৷ সূত্ৰই জনোৱা মতে, ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষক পদত নিযুক্তিৰ বাবে ৭০হেজাৰ টে'ট উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন জনাইছে। ইয়াৰে ১১, ৩২২জন ২০১৯ত অনুষ্ঠিত টে'টত উত্তীৰ্ণ ৷ আনসকলৰ মাজত কিছুসংখ্যক ষ্টেট প'লৰ শিক্ষক আৰু ঠিকা ভিত্তিক শিক্ষক আছে ৷ ইতিমধ্যে শিক্ষা বিভাগে এই আবেদনসমূহৰ পৰীক্ষা-নিৰীক্ষা কৰি নিযুক্তি তালিকা প্ৰস্তুত কৰি উলিয়াইছে ৷ তলাবন্ধ অন্ত পৰাৰ পাছতে উক্ত তালিকাৰ পৰা ৯, ৬৩৫জন শিক্ষক নিযুক্তি দিয়া হ'ব বুলি সূত্ৰই জনায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com