Begin typing your search above and press return to search.

বাহিৰৰ পৰা অহা লোকক আনুষ্ঠানিক কোৱাৰেণ্টিনত ৰখা হ'বঃ অসম কেবিনেটৰ সিদ্ধান্ত

এনে কোনো লোককে গৃহ আছুতীয়াকৰণ বা হোম কোৱাৰেণ্টিনৰ সুবিধা প্ৰদান কৰা নহ’ব।

বাহিৰৰ পৰা অহা লোকক আনুষ্ঠানিক কোৱাৰেণ্টিনত ৰখা হবঃ অসম কেবিনেটৰ সিদ্ধান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2020 11:31 AM GMT

বাহিৰৰ পৰা অহা লোকক আনুষ্ঠানিক কোৱাৰেণ্টিনত ৰখা হ'বঃ অসম কেবিনেটৰ সিদ্ধান্ত

এতিয়াৰে পৰা তলাবন্ধৰ সময়ছোৱাত ৰাজ্যৰ বাহিৰৰ পৰা লোকসকলক আনুষ্ঠানিক কোৱাৰেণ্টিনত ৰখা হ'ব। এইসকল লোকৰ বাবে আনুষ্ঠানিক কোৱাৰেণ্টিন ৰাজ্য চৰকাৰে বাধ্যতামূলক কৰিছে। এনে কোনো লোককে গৃহ আছুতীয়াকৰণ বা হোম কোৱাৰেণ্টিনৰ সুবিধা প্ৰদান কৰা নহ'ব। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত বাহিৰৰ পৰা অহা লোকৰ বাবে আনুষ্ঠানিক কোৱাৰেণ্টিন বাধ্যতামূলক কৰাৰ লগতে আন কেইবাটাও সিদ্ধান্ত গৃহীত হয়। কেবিনেটত গৃহীত অন্যান্য সিদ্ধান্তসমূহ হৈছেঃ

১. অসম চৰকাৰে তলাবন্ধৰ ফলত বহিঃৰাজ্যত আবদ্ধ হৈ পৰা ৰাজ্যৰ ৩.৬১ লাখ লোকক দুহেজাৰ টকাকৈ সাহায্য দিব। জুনলৈকে আবদ্ধ লোকক এই সাহায্য প্ৰদান কৰা হ'ব।এই ধন অসম কেয়াৰৰ পৰা দিয়া হব।

২. ঢুলীয়া শিল্পী, নাগাৰা শিল্পী, ওজাপালিৰ শিল্পীক আদিক দুহেজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হব।

Next Story