জি এম চি এইচৰ ক'ৱিড হাস্পতালত সংযোজন ঘটিব অধিক ডায়েলাইছিছ যন্ত্ৰৰ !

জি এম চি এইচৰ ক'ৱিড হাস্পতালত সংযোজন ঘটিব অধিক ডায়েলাইছিছ যন্ত্ৰৰ !
Published on

ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ক'ৱিড হাস্পতালত অধিক ডায়েলাইছিছ যন্ত্ৰৰ সংযোজন ঘটাব ৰাজ্যৰ স্বাস্থ্য বিভাগে। কিছু সময় পূৰ্বে টুইটাৰত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " বৃক্কৰ জটিল ৰোগ (চি কে ডি)-ত আক্ৰান্তৰ সহায় হোৱাৰ বাবে আমি জি এম চি এইচৰ ক'ৱিড হাস্পতালত অধিক ডায়েলাইছিছ যন্ত্ৰ স্থাপন কৰিম। ক'ৱিড-২৯ৰ ৰোগীৰ চিকিত্সাৰ সমান্তৰালভাবে আমি চি কে ডিত আক্ৰান্তসকলৰ বাবে হেমোডায়েলাইছিছৰ ব্যৱস্থা কৰিম "। অৱশ্যে কিমান সংখ্যক ডায়েলাইছিছ মন্ত্ৰ এই ক'ৱিড হাস্পতালত স্থাপন কৰা হব, সেই বিষয়ে তথ্য প্ৰকাশৰ পৰা বিৰত থাকে।

উল্লেখ্য যে হেমোডায়েলাইছিছ হৈছে এনে ধৰণৰ যন্ত্ৰ যাৰ জৰিয়তে বৃক্ক ৰোগীৰ তেজৰ পৰা পানী আৰু বৰ্জনীয় পদাৰ্থ আঁতৰ কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com