বহিঃৰাজ্যৰ পৰা অহা বয়স্ক ব্যক্তি-মহিলাৰ বাবে নতুন কোৱাৰেণ্টিন নিয়ম প্ৰৱৰ্তন অসম চৰকাৰৰ
তলাবন্ধৰ সময়ছোৱাত বহিঃৰাজ্যৰ পৰা অহা ৬০উৰ্ধৰ ব্যক্তি আৰু মহিলাসকলৰ বাবে নতুন আছুতীয়াকৰণ বা কোৱাৰেণ্টিন নিয়ম বলবৎ কৰিলে অসম চৰকাৰে ৷ ৰাজ্যত ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যাই হেজাৰৰ ঘৰক অতিক্ৰম কৰাৰ সময়তে সৰ্বানন্দ সোণোৱাল চৰকাৰে এই নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ৷ এই নতুন নিয়ম অনুসৰি ক'ৰ'না সংক্ৰমণৰ লক্ষণ ফুটি নুঠা যিসকল মহিলাই ৰেল বা বিমানেৰে ৰাজ্যলৈ আহিছে, তেওঁলোকৰ বাবে আনুষ্ঠানিক কোৱাৰেণ্টিনৰ প্ৰয়োজন নহ'ব ৷ তাৰ পৰিৱৰ্তে তেওঁলোকক ১৪দিনৰ বাবে গৃহ আছুতীয়াকৰণ বা হোম কোৱাৰেণ্টিন কৰা হ'ব ৷ হোম কোৱাৰেণ্টিনৰ সময়ত তেওঁলোকৰৰ পৰা পৰীক্ষাৰ বাবে থু-খেকাৰ আদি স্বাস্থ্য সংগ্ৰহ কৰিব। এইক্ষেত্ৰত কোৱাৰেণ্টিনত থকা মহিলাই স্বাস্থ্য কৰ্মীক সহযোগ কৰিব লাগিব ।আনহাতে, একেদৰে বিমানত অহা ৬০বছৰ উৰ্ধৰ ব্যক্তিকো হোম কোৱাৰেণ্টিনৰ বাবে যাবলৈ অনুমতি দিয়া হ'ব ৷ অৱশ্যে ক'ৱিড-১৯ আক্ৰান্ত চিনাক্ত হোৱা একেখন বাছ অথবা ৰেল অথবা বিমান কোনো ব্যক্তিৰ ক্ষেত্ৰত উপৰোক্ত নিয়মাৱলী প্ৰযোজ্য নহ'ব ৷