লকডাউন উলংঘনকাৰীৰ পৰা ৩ কোটি টকা সংগ্ৰহ অসম আৰক্ষীৰ

লকডাউন উলংঘনকাৰীৰ পৰা ৩ কোটি টকা সংগ্ৰহ অসম আৰক্ষীৰ

লকডাউন উলংঘনকাৰীৰ পৰা ৩ কোটি টকা সংগ্ৰহ অসম আৰক্ষীৰ

দেশত কোৰোনা মহামাৰীয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ পূৰ্বৰে পৰা দেশত মাৰ্চ মাহৰ পৰাই আছিল লকডাউন। কালি দেশত সামৰণি পৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন‌ৰ। এই সময়চোৱাত দেশৰ লগতে অসম আৰক্ষীও লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰে। এই লকডাউনৰ সময়চোৱাত অসমৰ আৰক্ষীয়ে লকডাউন উলংঘনকাৰীৰ‌ পৰা সংগ্ৰহ কৰে প্ৰায় ৩ কোটি টকাৰ জৰিমণা ।

উল্লেখযোগ্য যে ৩১ মে'লৈ অসম আৰক্ষীয়ে সংগ্ৰহ কৰে মুঠ ৩,১৭,১০,৫৩০ টকা । ইয়াৰে ৩৫,৯৮,৭০০ টকা জৰিমনা সংগ্ৰহ কৰা হয় মাস্ক পৰিধান নকৰা সকলৰ পৰা । ৰাজ্যত বৰ্তমানলৈ লকডাউন উলংঘনৰ ৩,২০৮ টা ঘটনা সংঘটিত হয়, আৰু ২৬৭০ টা গোচৰ ৰুজু হয়। তদুপৰি নিয়ম উলংঘা কৰা বাবে ৪,৬০৯ জন‌ লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ মাজতে নিয়ম উলংঘা কৰাৰ বাবে ৩০,২৫৬ খন যান- বাহন আৰু ৩৪ খন নাও অসম আৰক্ষীয়ে আটক কৰে ।

উল্লেখযোগ্য যে বিগত সময়চোৱাত অসমত তীব্ৰ হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা। অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৮৪ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ২৩ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই নতুন ২৩ ক'ৰ'না আক্ৰান্তৰ ১১ গৰাকী ডিব্ৰুগড়ৰ,৫ গৰাকী ওদালগুৰিৰ, তিনি গৰাকী ধুবুৰীৰ, ৩গৰাকী দৰঙৰ আৰু এগৰাকী শোণিতপুৰৰ। ফলত ৰাজ্যত ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ১,১৯২জনলৈ বৃদ্ধি পাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com