বিতৰ্কিত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে কলকাতালৈ অসম আৰক্ষী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত আৰক্ষীৰ দলটো কলকাতালৈ ৰাওনা হৈছে।
বিতৰ্কিত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে কলকাতালৈ অসম আৰক্ষী
Published on

ছ্যুকাফাক লৈ আপত্তিজনক মন্তব্যঃ গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে কলকাতালৈ অসম আৰক্ষী

বৰ অসম গঢ়োতা তথা অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওল্যুং ছ্যুকাফা সম্পৰ্কত আপত্তিজনক মন্তব্য কৰা কলকাতাৰ গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ ছ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দি টুইট কৰা চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ কলকাতালৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত আৰক্ষীৰ দলটো কলকাতালৈ ৰাওনা হৈছে। এই সম্পৰ্কত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই দ্যা ছেণ্টিনেল ডিজিটেলক কয়, " ইতিমধ্যে এটা গোচৰ আৰক্ষী অপৰাধ শাখাত ৰুজু কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অভিযুক্তক কৰায়ত্ব কৰিবলৈ আমাৰ এটি দল কলকাতালৈ ৰাওনা হৈছে ৷ কাৰণ তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি গুৰুতৰ ৷ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷"

উল্লেখ্য যে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ভাস্কৰ গগৈ নামৰ এজন লোকে এই আপত্তিজনক মন্তব্যৰ বাবে চেটাৰ্জীৰ বিৰুদ্ধে কালি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com