মণিপুৰত নিষিদ্ধ ছ'ৰেপাৰ কেডাৰক আটক অসম ৰাইফলছৰ

যৌথ অভিযানৰ সময়ত আছাম ৰাইফলছে নিষিদ্ধ উগ্ৰপন্থী সংগঠন ছ’ৰেপাৰ এজন কেডাৰক আটক কৰে।
মণিপুৰত নিষিদ্ধ ছ'ৰেপাৰ কেডাৰক আটক অসম ৰাইফলছৰ
Published on: 

ইম্ফল : যৌথ অভিযানৰ সময়ত আছাম ৰাইফলছে নিষিদ্ধ উগ্ৰপন্থী সংগঠন ছ'ৰেপাৰ এজন কেডাৰক আটক কৰে। মণিপুৰৰ ইম্ফল জিলাত, অসম ৰাইফলছ আৰু আৰক্ষীৰ কেইথেলমানবি বেটেলিয়নৰ যৌথ তালাচী অভিযানৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছে। ৩ ফেব্ৰুৱাৰী, শুকুৰবাৰে কৰ্মীসকলে গ্ৰেপ্তাৰ কৰে সক্ৰিয় কেডাৰজনক। একেটা সন্দৰ্ভত অসম ৰাইফলছে টুইট কৰি কয় যে, 'অসম ৰাইফলছে মণিপুৰত ছ'ৰেপাৰ এজন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰে ।অসম ৰাইফলছৰ কেইথেলমানবি বেটেলিয়নে আৰক্ষীৰ সৈতে যৌথ অভিযানত, আহললুপ থংখঙৰ পৰা নিষিদ্ধ গোট ছ'ৰেপাৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে , ইম্ফল পূৱ জিলাৰ পৰা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com