Begin typing your search above and press return to search.

ডুবাইলৈ বিমানেৰে অসমৰ কৃষকৰ ৰঙালাও ৰপ্তানিঃ যাত্ৰা মুকলি মুখ্যমন্ত্ৰীৰ

মালবাহী বিমানেৰে ৰাজ্যখনৰ কৃষকৰ দ্বাৰা উৎপাদিত ৰঙালাউৰ ৰপ্তানি প্ৰক্ৰিয়াৰ যাত্ৰা মুকলি কৰে।

ডুবাইলৈ বিমানেৰে অসমৰ কৃষকৰ ৰঙালাও ৰপ্তানিঃ যাত্ৰা মুকলি মুখ্যমন্ত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2020 2:14 PM GMT

ডুবাইলৈ বিমানেৰে অসমৰ কৃষকৰ ৰঙালাও ৰপ্তানিঃ যাত্ৰা মুকলি মুখ্যমন্ত্ৰীৰ

তলাবন্ধৰ মাজতে ৰাজ্যৰ কৃষকসকলে উত্পাদন কৰিছে বৃহত পৰিমাণৰ ৰঙালাউকে ধৰি আন সাক-পাচলি। আনকি বিদেশী ৰাষ্ট্ৰলৈও অসমৰ পৰা ৰপ্তানী হৈছে ৰঙালাউ। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠৰ পৰা মালবাহী বিমানেৰে ৰাজ্যখনৰ কৃষকৰ দ্বাৰা উৎপাদিত ৰঙালাউৰ ৰপ্তানি প্ৰক্ৰিয়াৰ যাত্ৰা মুকলি কৰে।

এই সম্পৰ্কত মুখ্যমন্ত্ৰী সোণোৱালে সাংবাদিকৰ আগত কয় যে অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী বিমানৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা লোৱা হৈছে। ইতিমধ্যে ডুবাই, লণ্ডন, হংকং, ছিংগাপুৰ আদিৰ বজাৰসমূহত অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰী হৈছে বুলি সোণোৱালে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালতে বৰঝাৰ বিমানকোঠত ভাৰত চৰকাৰৰ সহযোগত তথা ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ তৎপৰতাত কাৰ্গো টাৰ্মিনেল বিল্ডিং নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে।

এই কাৰ্গো ৱেৰ হাউছত ৫০ মেট্ৰিকটন কৃষিজাত সামগ্ৰী মজুত কৰাৰ ব্যৱস্থা থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰাই বিস্বৰ বিভিন্ন দেশলৈ অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হ'ব বুলিও কয়।

Next Story