বিশ্বনাথত শোকাবহ ঘটনাঃ বাঢ়নী পানীত উটি গ'ল মহিলা

মহিলাগৰাকীক ব্ৰহ্মপুত্ৰৰ বিশ্বনাথ—পাণপুৰ মথাউৰিৰ পৰা কিছু দূৰৈত বাঢ়নী পানীয়ে উটুৱাই নিয়ে
বিশ্বনাথত শোকাবহ ঘটনাঃ বাঢ়নী পানীত উটি গ'ল মহিলা
Published on

বিশ্বনাথত শোকাবহ ঘটনাঃ বাঢ়নী পানীত উটি গ'ল মহিলা

ৰাজ্যত ক্ৰমে বানৰ তাণ্ডব বৃদ্ধি পোৱাৰ সময়তে বিশ্বনাথত বাঢ়নী পানীত উটি গ'ল এগৰাকী মহিলা। কালি এই শোকাবহ ঘটনা সংঘটিত হয় বিশ্বনাথ জিলাৰ ঝুলাপাৰাত।আৰক্ষীয়ে জনোৱা মতে, দুৰ্ভগীয়া মহিলাগৰাকীক ব্ৰহ্মপুত্ৰৰ বিশ্বনাথ—পাণপুৰ মথাউৰিৰ পৰা কিছু দূৰৈত বাঢ়নী পানীয়ে উটুৱাই নিয়ে। মহিলগৰাকী এটা খাৱৈত বাগৰি পৰাৰ পাছতে তেওঁক বাঢনী পানীয়ে উটুৱাই লৈ যায়। ইয়াৰ লগে লগে স্থানীয় লোকে মহিলাগৰাকীৰ সন্ধানত পানীত অভিযান চলাই যদিও তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। আজি স্থানীয় লোকে মহিলাগৰাকীৰ সন্ধানত অভিযান চলাই বোকাপানীৰ মাজৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ইপিনে, সাম্প্ৰতিক বানত ৰাজ্যৰ নখন জিলাৰ দুই লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ চৰকাৰী তথ্য অনুসৰি এই বানত দুই লাখ ৯৪হেজাৰ ১৭০জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷ ক্ষতিগ্ৰস্তসকলৰ অধিকাংশই গোৱালপাৰা জিলাৰ ৷ জিলাখনত সাম্প্ৰতিক বানত মুঠ দুই লাখ এহেজাৰ ৩৪৭জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷ সাম্প্ৰতিক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত আনকেইখন জিলা হৈছে ধেমাজি, নগাঁও, হোজাই, দৰং, নলবাৰী, পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড় আৰু তিনিচুকীয়া ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com