কেজিএফ ২ ৰ গীতত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে

কেজিএফ অধ্যায় ২ ৰ নিৰ্মাতাসকলে ২১ মাৰ্চত "টুফান" গানটোৰ গীতিমূলক ভিডিঅ' মুকলি কৰিছিল। ৰবি বাসৰুৰে ৰচনা কৰা গীতিমূলক সংগীত ভিডিঅ'টো কেইঘণ্টামানৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল।
কেজিএফ ২ ৰ গীতত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে

অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে আটাইতকৈ প্ৰতীক্ষিত দক্ষিণ ভাৰতীয় একচন চলচ্চিত্ৰ – কেজিএফ অধ্যায় ২-ৰ নতুনকৈ মুক্তি পোৱা ট্ৰেকটোৰ বাবে কণ্ঠ দান কৰিছে।

ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰিয়ংকাই 'টুফান'ক বাতৰিটো নিশ্চিত কৰিছে। প্ৰিয়ংকাই লিখিছিল: "সকলোকে জনাবলৈ পায় অতি সুখী যে " কেজিএফ অধ্যায় ২" ত এইবাৰ এটি গীতত মই কণ্ঠদান কৰিছো। গীতটোৰ নাম হৈছে "টুফান"। এই গীতটোৱে আজি শুভমুক্তি লাভ কৰিছে । আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছো। "

কেজিএফ অধ্যায় ২ ৰ নিৰ্মাতাসকলে ২১ মাৰ্চত "টুফান" গানটোৰ গীতিমূলক ভিডিঅ' মুকলি কৰিছিল। ৰবি বাসৰুৰে ৰচনা কৰা গীতিমূলক সংগীত ভিডিঅ'টো কেইঘণ্টামানৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল।

প্ৰিয়ংকা ভৰালীৰ উপৰিও, গানটো গাই থকা আনসকল হৈছে – ব্ৰিজেশ শাণ্ডিল্য, মোহন কৃষ্ণ, লক্ষ্মণ দত্ত নায়েক, সাজ ভাট, সন্তোষ ভেঙ্কি, সন্দেশ দত্ত নায়েক, শচীন বাসৰুৰ, ৰবি বাসৰুৰ আৰু পুনীথ ৰুদ্ৰনাগ।

ইয়াত শিশু গায়কসকল ও আছে – গিৰিধৰ কামাথ, ৰক্ষা কামাথ, সিঞ্চনা কামাথ, নিশান্থ কিনি, ভাৰত ভাট, অনাঘা নায়ক, অৱনী ভাট, স্বাতী কামাথ, শিৱাানন্দ নায়ক আৰু কীৰথানা বাসৰুৰ।

প্ৰশান্ত নীলৰ দ্বাৰা পৰিচালিত, 'কেজিএফ: অধ্যায় ২' ১৪ এপ্ৰিলত একাধিক ভাষাত ছবিগৃহত মুক্তি পাব। ইয়াত সঞ্জয় দত্ত, ৰবীনা টণ্ডন আৰু শ্ৰী নিধি চেট্টীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

১৯৮৮ চনৰ ১০ অক্টোবৰত জন্ম; প্ৰিয়ংকাই ২০০৮ চনত তেওঁৰ সংগীত জীৱন আৰম্ভ কৰিছিল আৰু জানমনি (২০০৯) এলবামৰ পৰা তেওঁৰ প্ৰথম গান "কাহিলী পুৱাতে জান অই" গাইছিল।

অৱশ্যে, প্ৰিয়ংকাই বাবু বৰুৱাৰ সৈতে "লখিমী" এলবামৰ 'লখিমী" এলবামৰ 'চেচা পৰি জাবো নিদিবা' নামৰ তেওঁৰ আটাইতকৈ প্ৰিয় গানটো গাই খ্যাতি লাভ কৰিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com