অসমত ক'ৱিড-১৯ত মৃতকৰ প্ৰকৃত তথ্য প্ৰকাশ পোৱা নাইঃ বৰদলৈ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনক তেওঁ জনায় যে অসমত ক’ৰ’নাত মৃত কমেও ৫৫০জন ব্যক্তিৰ মৃত্যুৰ কাৰণ ক’ৰ’না বুলি চৰকাৰীভাবে তথ্য লিপিবদ্ধ হোৱা নাই ৷
অসমত ক'ৱিড-১৯ত মৃতকৰ প্ৰকৃত তথ্য প্ৰকাশ পোৱা নাইঃ বৰদলৈ

অসমত ক'ৰ'না মহামাৰীত মৃত ব্যক্তিৰ প্ৰকৃত তথ্য প্ৰকাশ পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ বৰদলৈয়ে ৷ নগাঁৱৰ সাংসদ বৰদলৈয়ে আজি লোকসভাত কয় যে মৃতকৰ আচল তথ্য প্ৰকাশ নোপোৱাৰ ফলত অসমত ক'ৰ'নাত মৃতৰ সংখ্যা নিম্ন হৈ আছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনক তেওঁ জনায় যে অসমত ক'ৰ'নাত মৃত কমেও ৫৫০জন ব্যক্তিৰ মৃত্যুৰ কাৰণ ক'ৰ'না বুলি চৰকাৰীভাবে তথ্য লিপিবদ্ধ হোৱা নাই ৷

এই ব্যক্তিসকল ক'ৰ'নাক বাদ দিও আন জটিল ৰোগতো আক্ৰান্ত থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মৃত্যুৰ কাৰণ ক'ৰ'না বুলি মৃত্যুৰ হিচাপ পৰীক্ষা ব'ৰ্ডে উল্লেখ নকৰিলে বুলি বৰদলৈয়ে দাবী কৰে ৷ "আমি আমাৰ ৰাজ্যত ক'ৱিড-১৯ৰ ভয়াবহতাৰ সন্মুখীন হৈছো ৷

আজিলৈকে অসমত ক'ৰ'নাত ৫৪৮জন ব্যক্তিৰ মৃত্যু হৈছে ৷ মুঠ আক্ৰান্ত ডেৰ লক্ষ ৷ মৃতকৰ সংখ্যা কম হোৱাক লৈ আমি সুখী হৈছো ৷ কিন্তু শেহতীয়াকৈ তথ্য পোৱা গৈছে যে ক'ৰ'নাজনিত মৃত্যুৰ কেতবোৰ তথ্যক চৰকাৰীভাবে আওকাণ কৰা হৈছে। আনকি পৰীক্ষাগাৰৰ প্ৰতিবেদনকো গুৰুত্ব দিয়া হোৱা নাই," সাংসদ বৰদলৈয়ে এইদৰে কয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com