দেশৰ ৫০ শ্ৰেষ্ঠ বিধায়কৰ তালিকাত মৃণাল শইকীয়া

তালিকাখনত উত্তৰ-পূবৰ আৰু তিনিজন বিধায়কে স্থান লাভ কৰিছে।
দেশৰ ৫০ শ্ৰেষ্ঠ বিধায়কৰ তালিকাত মৃণাল শইকীয়া
Published on

দেশৰ ৫০ শ্ৰেষ্ঠ বিধায়কৰ তালিকাত স্থান লাভ কৰিছে অসমৰ খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। এই তালিকা প্ৰস্তুত কৰিছে ফে'ম ইণ্ডিয়া-এছিয়া প'ষ্টে। উল্লেখ্য যে শেহতীয়া বানত দিশহাৰা হোৱা গৃহ সমষ্টিৰ লোকক উদ্ধাৰত দেহে-কেহে নামি পৰে বিধায়ক শইকীয়া। একাঁঠু পানীত নামিও তেওঁ বহু বানাক্ৰান্তক উদ্ধাৰ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ এই তালিকাত স্থান লাভ কৰে। তালিকাখনত উত্তৰ-পূবৰ আৰু তিনিজন বিধায়কে স্থান লাভ কৰিছে।

এই তিনিজন বিধায়ক হৈছে নগালেণ্ডৰ মামহোনালুমু কিকন, অৰুণাচল প্ৰদেশৰ অজিং টাছিং আৰু আদিত্য গলে। এই তালিকাত প্ৰস্তত কৰোতে ফেম ইণ্ডিয়াই সংশ্লিষ্ট বিধায়কসকলৰ কৰ্মশৈলী, সামাজিক দায়বদ্ধতা, সমাজৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা, প্ৰভাৱ, ৰাজহুৱা জীৱনত অংশগ্ৰহণ, ভাৱমূৰ্তি, বিধায়ক পুঁজি ব্যয় আদি দিশ জুঁকিয়াই লক্ষ্য কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com