শীৰ্ষ বাতৰি
অগপৰ পুনৰ সভাপতি নিৰ্বাচিত অতুল বৰা
আনহাতে, দলৰ কাৰ্যকৰী সভাপতিৰূপে বৰ্তমানৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তই নিৰ্বাচিত হৈছে।
অগপৰ পুনৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে মন্ত্ৰী অতুল বৰা। আজি দলৰ গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত একাদশ সভাত মন্ত্ৰী বৰা পুনৰ সভাপতিৰূপে নিৰ্বাচিত হয়। তেওঁ বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। কাৰণ আন কোনোৱে সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰিলে।আনহাতে, দলৰ কাৰ্ৰযকৰী সভাপতিৰূপে বৰ্তমানৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তই নিৰ্বাচিত হৈছে। পুনৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত মন্ত্ৰী বৰাই দলৰ সকলো কৰ্মকৰ্াতলৈ ধন্যবাদ আৰু শুভেচ্ছা জনাইছে।

