Begin typing your search above and press return to search.

তৈল ক্ষেত্ৰত অগ্নিকাণ্ডঃ বাঘজানত স্থানীয় লোকৰ প্ৰতিবাদ

এই সাহায্য শিবিৰসমূহত কমেও ১০হেজাৰ লোকে আশ্ৰয় লৈছে।

তৈল ক্ষেত্ৰত অগ্নিকাণ্ডঃ বাঘজানত স্থানীয় লোকৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jun 2020 10:39 AM GMT

তৈল ক্ষেত্ৰত অগ্নিকাণ্ডঃ বাঘজানত স্থানীয় লোকৰ প্ৰতিবাদ

স্থানীয় লোকৰ প্ৰতিবাদত উত্তাল হ'ল বাঘজান তৈল ক্ষেত্ৰৰ কাষৰীয়া অঞ্চল। যোৱা মঙলবাৰে এই তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদত ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। অগ্নিকাণ্ড নিৰ্বাপনত নিয়োজিত অইল ইণ্ডিয়া লিমিটেডৰ দুজন অগ্নি-নিৰ্বাপক কৰ্মীৰ দুৰ্ভাগ্যজনক পৰিৱেশত মৃত্যুও ঘটে। আজি স্থানীয় বহু লোকে ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অৱস্থান ধৰ্মঘটত বহিছে।প্ৰতিবাদকাৰীসকলে লগতে অঞ্চলটোত তৈল খনন বন্ধ কৰাৰ দাবীও উত্থাপন কৰিছে।প্ৰতিবাদকাৰীসকলে স্থানীয় দীঘলতৰং বিদ্যালয়ত উপস্থিত হৈ অৱস্থান ধৰ্মঘটত বহিছে। আনহাতে, অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছত আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত হোৱা এই লোকসকলে সমস্যাটোৰ স্থাযী সমাধানো দাবী কৰে। উল্লেখ্য যে এই অগ্নিকাণ্ড সূত্ৰপাত ঘটাৰ পাছত ৫-৬টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। এই সাহায্য শিবিৰসমূহত কমেও ১০হেজাৰ লোকে আশ্ৰয় লৈছে। তদুপৰি অসম চৰকাৰেও এই ক্ষতিগ্ৰস্তসকলৰ বাবে কমেও ১০টা কমেও আশ্ৰয় শিবিৰ স্থাপন কৰিছে। আনহাতে, অইল ইণ্ডিয়া লিমিটেডে এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ ৩০ হেজাৰ টকাকৈ সাহায্য ঘোষণা কৰিছে। ইপিনে, অইলৰ একাংশ বিষয়াৰ মতে, এই ভয়ংকৰ অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ ২১ দিন সময়ৰ প্ৰয়োজন হ'ব।

Next Story
চাকৰি