Begin typing your search above and press return to search.

বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ শেহতীয়া তথ্য

অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ অগ্নি-নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷

বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ শেহতীয়া তথ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2020 12:03 PM GMT

নিৰ্বাপিত হোৱা নাই বাঘজানৰ অগ্নিকাণ্ডঃ আতংক অব্যাহত

কালি বাঘজানৰ তৈল ক্ষেত্ৰত সূত্ৰপাত ঘটা ভয়াবহ অগ্নিকাণ্ড ২৪ঘণ্টা উকলি যোৱাৰ পাছতো নিৰ্বাপিত হোৱা নাই৷ অইল ইণ্ডিয়া লিমিটেডৰ এই তৈল ক্ষেত্ৰত লগা এই জুয়ে তৈল ক্ষেত্ৰখনৰ চৈদিশে সৃষ্টি কৰা তুমুল আতংক বৰ্তমানেও অব্যাহত আছে ।অইল ইণ্ডিয়া লিমিটেডে প্ৰকাশ কৰা অনুসৰি এই ভয়াবহ অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ তথা অধিক সম্প্ৰসাৰিত হোৱাতো ৰোধ কৰিবলৈ অগ্নি-নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে, এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পাছত ঘটনাস্থলীৰ ওচৰত দুজন অইল কৰ্মচাৰীৰ মৃত্যু হয় ৷আজি পুৱা দুয়োৰে নিথৰ দেহ তৈলক্ষেত্ৰখনৰ ওচৰৰ এখন বিলৰ পানীৰ পৰা উদ্ধাৰ কৰা হয়। তেওঁলোক দুয়োজন অইলৰ অগ্নি-নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আছিল ৷ তদুপৰি এই জুই নুমুৱাত নিয়োজিত অ' এন জি চিৰো পাঁচজন কৰ্মী সামান্য আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যৰ সৰ্বত্ৰে আলোড়ন সৃষ্টি কৰা এই অগ্নিকাণ্ডৰ বিষয়টোক লৈ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ দুয়োৰে আলোচনাৰ সময়ত মোদীয়ে এই অগ্নিকাণ্ডৰ ভুক্তভোগী সকলোকে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ শীৰ্ষ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী সোণোৱালে বিষয়টো প্ৰধানমন্ত্ৰীক অৱগত কৰে ৷ তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সোণোৱালক এই প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

আৰু পঢ়িব পাৰেঃ বৰ্ষাৰ অন্তিমলৈকে পাহাৰৰ মাটি কটাত নিষেধাজ্ঞা কামৰূপ(ম)প্ৰশাসনৰ

Next Story
চাকৰি