ভাৰত বায়'টেকৰ কোভিডৰ ভেকচিন মুকলি

এই ভেকচিনৰ প্ৰতিটো ড’জৰ বাবে চৰকাৰী চিকিৎসালয়ত ৩২৫ টকা আৰু ব্যক্তিগত চিকিৎসালয়ত ৮০০ টকা খৰচ হ’ব বুলি জানিব পৰা গৈছে
ভাৰত বায়'টেকৰ কোভিডৰ ভেকচিন মুকলি

নতুন দিল্লীঃ দেশৰ অন্যতম প্ৰিমিয়াৰ ফাৰ্মা কোম্পানীয়ে মুকলি কৰিছে শেহতীয়া ভেকচিন। এই ভেকচিন সতৰ্কতামূলক মাত্ৰা হিচাপে কভিচিল্ড বা কভাকচিনৰ প্ৰথম দুটা মাত্ৰা গ্ৰহণ কৰা সকলো প্ৰাপ্তবয়স্কক প্ৰদান কৰিব পাৰি। ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডৱিয়া আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দৰ সিঙে দেশৰ প্ৰথমটো থলুৱাভাৱে প্ৰস্তুত কৰা ভেকচিন মুকলি কৰে। এই ভেকচিনৰ প্ৰতিটো ড'জৰ বাবে চৰকাৰী চিকিৎসালয়ত ৩২৫ টকা আৰু ব্যক্তিগত চিকিৎসালয়ত ৮০০ টকা খৰচ হ'ব বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে।ঘোষণা অনুসৰি আগন্তুক মাহৰ মাজভাগৰ ভিতৰত দিল্লীৰ চৰকাৰী সুবিধাসমূহত এই ভেকচিন উপলব্ধ হ'ব। মাৰ্চ মাহৰ ভিতৰত দেশৰ অন্যান্য প্ৰান্তত উপলব্ধ হ'ব বুলি জল্পনা-কল্পনা কৰা হৈছে। ব্যক্তিগত পক্ষৰ সৈতে ঔষধৰ উপলব্ধতা নিৰ্ভৰ কৰিব বুকিঙৰ ওপৰত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com