আজি নিৰ্বাচন অনুষ্ঠিত হ'লে বিজেপি ৮৪টা সমষ্টিত জিকিবঃ দাস

এনেদৰে শাসকীয় মিত্ৰজোঁটৰ মুঠ বিধায়কৰ সংখ্যা ৮৭জন।
আজি নিৰ্বাচন অনুষ্ঠিত হ'লে বিজেপি ৮৪টা সমষ্টিত জিকিবঃ দাস

আজিৰ তাৰিখত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'লে বিজেপিয়ে ৮৪ টা সমষ্টিত জয়লাভ কৰিব। এই দাবী কৰিছে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। বিৰোধী দলে মৰ্চা গঠন কৰিলেও বিজেপিৰ ক্ষতিসাধন কৰিব নোৱাৰে বুলিও দাসে দাবী কৰে। সাংবাদিকৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয় যে আগন্তুক ২০২১-ৰ নিৰ্বাচনত কংগ্ৰেছ-এই ইউ ডি এফৰ মিত্ৰজোঁটেই হওক বা আছু নেতৃত্বাধীন আঞ্চলিক জোঁটেই হওক, কোনেও বিজেপিক পৰাস্ত কৰিব নোৱাৰে।

বৰ্তমানে ৰাজ্যত বিজেপিৰ ৬০জন, অগপৰ ১৪ জন আৰু বি পি এফৰ ১২জন বিদায়ক আছে। এনেদৰে শাসকীয় মিত্ৰজোঁটৰ মুঠ বিধায়কৰ সংখ্যা ৮৭জন। লক্ষ্যণীয় যে শেহতীয়াভাবে আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এটা দল গঠনৰ ইংগিত দিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com