বিজেপি নেতা সোণালী ফোগাটৰ গোৱাত দেহাৱসান

খবৰ অনুসৰি, তেওঁ তেওঁৰ কিছুমান কৰ্মচাৰীৰ সৈতে গোৱালৈ গৈছিল। তেওঁ অস্থিৰতা অনুভৱ কৰাৰ পিছত তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
বিজেপি নেতা সোণালী ফোগাটৰ গোৱাত দেহাৱসান

নতুন দিল্লীঃ সোমবাৰে নিশা গোৱাত ৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় জনতা পাৰ্টীৰ নেত্ৰী সোণালী ফোগাটৰ।

খবৰ অনুসৰি তেওঁ নিজৰ কেইজনমান কৰ্মচাৰীৰ সৈতে গোৱালৈ গৈছিল। অস্বস্তি অনুভৱ কৰি ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় তেওঁক।

মাইক্ৰ'-ব্লগিং চাইট টুইটাৰলৈ লৈ গৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী এম এল খট্টৰে শোক প্ৰকাশ কৰি কয় যে, "সোনালী ফোগাটৰ মৃত্যুৰ বিষয়ে জানিব পাৰি গভীৰ দুখ পাইছো।"

বিজেপিৰ প্ৰাৰ্থী হিচাপে ফোগাটে ২০১৯ চনৰ হাৰিয়ানা নিৰ্বাচনত আদমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী কুলদীপ বিষ্ণোইৰ হাতত পৰাজিত হয় তেওঁ।

ইফালে, হাৰিয়ানা বিজেপি নেত্ৰী সোণালী ফোগটৰ জন্মভূমি গাঁও ভূথান কালনৰ গাঁওবাসীয়ে তেওঁৰ আকস্মিক মৃত্যুক এক স্বাভাৱিক ঘটনা হিচাপে মানি লোৱা নাই। গাওঁবাসীয়ে জনোৱা মতে, হাৰ্ট এটেকত আক্ৰান্ত হৈ ফোগাটৰ মৃত্যু হোৱা নাছিল যদিও তেওঁক হত্যা কৰা হৈছিল।

গাঁওবাসীয়ে আৰু দাবী জনাইছে যে, ৰাজ্য চৰকাৰক বিষয়টোৰ সন্দৰ্ভত চিবিআইৰ তদন্ত চলাবলৈ যাতে তেওঁৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যায়।

হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ ভূথান কালান হৈছে সোণালী ফোগটৰ পূৰ্বপুৰুষৰ গাঁও। এজন কৃষকৰ পৰিয়ালত জন্ম লৈ ইয়াতেই প্ৰাথমিক শিক্ষা লাভ কৰিছিল। ইয়াত স্কুল সম্পূৰ্ণ কৰাৰ পিছত তাই এম ডি ইউ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে।

ৰাজনীতিলৈ অহাৰ আগতে ফোগাট এগৰাকী অভিনেত্ৰী আৰু এংকৰ আছিল। ২০০৬ চনত হিছাৰ দূৰদৰ্শনত এংকৰিঙৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল।দুবছৰৰ পিছত ২০০৮ চনত তেওঁ বিজেপিত যোগদান কৰে আৰু তেতিয়াৰ পৰাই তেওঁ দলৰ এগৰাকী সক্ৰিয় সদস্য আছিল।

পাঞ্জাবী আৰু হাৰিয়ানৱী ছবি আৰু মিউজিক ভিডিঅ'ৰ অংশও আছিল তেওঁ।

২০১৯ চনত হাৰিয়ানৱী চলচ্চিত্ৰত 'চোৰিয়ান চোৰন ছে কুম নহয় হোতি' ছবিৰ জৰিয়তে সোণালী ফোগাটে অভিষেক ঘটায়। ইয়াৰ উপৰিও তেওঁ আছিল এগৰাকী জনপ্ৰিয় টিক-টক তাৰকা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com