এম এছ পিঃ সংসদত নিজাববীয়া বিধেয়ক উত্থাপন বিজেপি সাংসদ বৰুণ গান্ধীৰ

সাংসদ গান্ধীয়ে লগতে কয় যে তেওঁৰ এই বিধেয়কত ২২ বিধ কৃষিজাত সামগ্ৰীত ভাৰতত ন্যূনতম সকাহ মূল্য আগবঢ়োৱাৰ কথা কোৱা হৈছে।
এম এছ পিঃ সংসদত নিজাববীয়া বিধেয়ক উত্থাপন বিজেপি সাংসদ বৰুণ গান্ধীৰ

কৃষিজাত সামগ্ৰীৰ ন্যূনতম সকাহ মূল্য ( এম এছ পি) সম্পৰ্কীয় এখন বিধেয়ক সংসদত উত্থাপন কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়ে ৷ এই বিধেয়ক তেওঁ নিজাববীয়াকৈ উত্থাপন কৰিছে ৷ গতিকে বিধেয়কখন বে-চৰকাৰী ৷ দেওবাৰে সাংসদ গান্ধীয়ে কয় যে এম এছ পিকলৈ এখন আইন প্ৰণয়নৰ সময় সমাগত হৈছে। ,'' ভাৰতৰ কৃষকসকল আৰু চৰকাৰে কৃষিৰ সংকটকলৈ দীৰ্ঘকাল ধৰি বিতৰ্ক কৰি আহিছে। এতিয়া এম এছ পিকলৈ আইন প্ৰণয়নৰ সময় সমাগত হৈছে। মই এখন বিধেয়ক প্ৰস্তুত কৰি সংসদত উত্তাপন কৰিছো। মই এই বিধেয়কক লৈ আলোচনাৰ আদৰণি জনাইছো ', এটা টুইটত সাংসদজনে এইদৰে কয়। 

সাংসদ গান্ধীয়ে লগতে কয় যে তেওঁৰ এই বিধেয়কত ২২ বিধ কৃষিজাত সামগ্ৰীত ভাৰতত ন্যূনতম সকাহ মূল্য আগবঢ়োৱাৰ কথা কোৱা হৈছে। ইয়াৰ বাবে বাৰ্ষিক এক লাখ কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ তেওঁ বিধেয়কখনত আগবঢ়াইছে। বিধেয়কখনত কৃষিজাত সামগ্ৰীৰ উত্পাদনী ব্যয়ৰ ৫০ শতাংশ লাভ দিয়াৰ কথা কোৱা হৈছে। এই উত্পাদনী ব্যয়ৰ মাজত কৃষি উত্পাদনৰ বাবে সা-সামগ্ৰী ক্ৰয়, বেতন আদায় নিদিয়া পাৰিবাৰিক শ্ৰমৰ মূল্য, কৃষিভূমি ভাড়াত লোৱাৰ বাবদ ব্যয় আৰু স্থায়ী কৃষিভূমি সম্পদৰ মূল্য সামৰি লোৱা হৈছে। এই ব্যৱস্থাসমূহ ২০০৬ৰ স্বামীনাথন সমিতিৰ পৰামৰ্শাৱলীত উল্লেখ আছে।

" সময়গত ভিত্তিত কৃষকসকলক এম এছ পিৰ নিশ্চয়তা দিয়া হব।  প্ৰত্যেক ক্ৰয়ৰ বিপৰীতে প্ৰত্যক্ষ," বিধেয়কখনত এইদৰেও কোৱা হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com