গলৱানৰ বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলীঃ ভাৰ্চুৱেল ৰেলী স্থগিত কৰিলে অসম বিজেপিয়ে

বিজেপিয়ে আগন্তুক ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ মন জয়ৰ অৰ্থে এক ভাৰ্চুৱেল আয়োজনৰ যো-জা চলায়।
গলৱানৰ বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলীঃ ভাৰ্চুৱেল ৰেলী স্থগিত কৰিলে অসম বিজেপিয়ে

যোৱা মঙলবাৰে লাডাখৰ গলৱান উপত্যকাত চীনা সেনাৰে হোৱা সংঘাতত ছহিদীবৰণ কৰা দেশৰ ২০গৰাকী বীৰ সৈনিকলৈ শ্ৰদ্ধাঞ্জলী জনাই অসম বিজেপিয়ে স্তগিত কৰিছে দলৰ বহুচৰ্চিত ভাৰ্চুৱেল ৰেলী। বিজেপিয়ে আগন্তুক ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ মন জয়ৰ অৰ্থে এক ভাৰ্চুৱেল আয়োজনৰ যো-জা চলায় ।দলৰ পূৰ্বৰ সিদ্ধান্ত অনুসৰি আজি ১৮জুনত এই ৰেলী অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু গলৱানত সংঘটিত এই অ-প্ৰত্যাশিত ঘটনাত দেশৰ ২০গৰকীকৈ বীৰ সৈনিকে প্ৰাণ দিবলগীয়া হোৱাত দলে এই কাৰ্যসূচীৰ দিন সলনি কৰে ৷ দলীয় নেতৃত্বই এই কাৰ্যসূচী বাতিল কৰে ৷ গলৱানত ছহিদীবৰণ কৰা বীৰ সেনাকেইগৰাকীলৈ সন্মান জনাই দলৰ কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই কথা সদৰী কৰি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়, " দেশৰ সেনা-বাহিনীৰ সৈতে একেলগে থিয় দি আমি আজি অনুষ্ঠিত হ'বলগীয়া ভাৰ্চুৱেল ৰেলীসহ সকলো ৰাজনৈতিক কাৰ্যসূচী স্থগিত কৰিছো ।"

উল্লেখ্য যে আজি দুপৰীয়া ১২বজাৰ পৰা অনুষ্ঠিত হ'বলগা এই ৰেলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশ লোৱাৰ কথা আছিল ৷ এই ৰেলী দলৰ ফে'চবুক পে'জ আৰু ইউটিউব চেনেলৰ জৰিয়তে অনুষ্ঠিত হোৱাৰ কথা আছিল ।ৰাজ্যিক বিজেপিয়ে আগন্তুক মাহসমূহত এনে ছটা ৰেলী বা ছখন সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ৷ উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিয়ে ইণ্টাৰনেটৰ মাধ্যমেৰে এনে ৰেলী আয়োজনৰ কাৰ্যসূচী হাতত লৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com