খানাপাৰাৰ জ্যেষ্ঠ বিষয়াৰ কলনীৰ ডি ব্লকক কোৱাৰেণ্টিন জ'ন ঘোষণা

কোনো অকৰ্তৃত্বশীল লোকে প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব।
খানাপাৰাৰ জ্যেষ্ঠ বিষয়াৰ কলনীৰ ডি ব্লকক কোৱাৰেণ্টিন জ'ন ঘোষণা

গুৱাহাটীৰ খানাপাৰাস্থিত জ্যেষ্ঠ বিষয়াবৰ্গৰ কলনীৰ ডি ব্লকক প্ৰশাসনে ক'ৰ'না কোৱাৰেণ্টিন জ'নৰূপে ঘোষণা কৰিছে। কলনীৰ উক্ত ব্লকত ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ডি ব্লকক কামৰূপ মহানগৰ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে। এই সংক্ৰান্তীয় এক নিৰ্দেশনাত জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বজিত পেগুৱে কয় যে পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱালৈকে এই কণ্টেইনমেণ্ট মণ্ডলত কোনো অকৰ্তৃত্বশীল লোকে প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব। ইতিমধ্যে উপায়ুক্তৰ নিৰ্দেশ অনুসৰি স্তানীয় ৰাজহ চক্ৰ বিষয়াই উক্ত স্থান ছীল কৰিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com