বৰপেটাৰোডত ৰাজপথৰ দাঁতিত প্ৰাক্তন ৰেল কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

বৰপেটাৰোডত ৰাজপথৰ দাঁতিত প্ৰাক্তন ৰেল কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

স্থানীয় একাংশ লোকে আজি ৩১নম্বৰ ঘাইপথৰ দাঁতিত এজন লোকক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে ।
Published on

ৰহস্যজনক পৰিৱেশত শুকুৰবাৰে বৰপেটাৰোডত ৰাজপথৰ দাঁতিত উদ্ধাৰ হ'ল এজন অৱসৰপ্ৰাপ্ত ৰেল কৰ্মচাৰীৰ মৃতদেহ ৷ আৰক্ষীয়ে জনোৱা মতে, স্থানীয় একাংশ লোকে আজি ৩১নম্বৰ ঘাইপথৰ দাঁতিত এজন লোকক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ সেই অনুসৰি আৰক্ষীয়ে দণ্ডাধীশসহ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ পাছত মৃত ব্যক্তিজনক বৰপেটাৰোডৰ নাথপাৰাৰ নৰেন চন্দ্ৰ কলিতা বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁ বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।মৃতদেহটো উদ্ধাৰৰ সময়ত স্থানীয় বহু লোকে ভিৰ কৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com