যুৱতীৰ হত্যাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ গণ্যমান্য জ্যোতিষী লিলামাধৱ

বৃহস্পতিবাৰে জ্যোতিষী নীলা মাধৱক দিছপুৰ আৰক্ষীয়ে আটক কৰে। আৰু প্ৰায় ২৪ ঘণ্টা জেৰাৰ অন্তত IPCৰ ধাৰা ৩০২ৰ অধীনত গ্ৰেপ্তাৰ কৰে জ্যোতিষীগৰাকীক।
যুৱতীৰ হত্যাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ গণ্যমান্য জ্যোতিষী লিলামাধৱ
Published on

গুৱাহাটী মহানগৰীৰ জ্যোতিষী লীলা মাধৱ শইকীয়াৰ বাসগৃহত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মূৰ। বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে আটক কৰে জ্যোতিষী নীলা মাধৱক। আৰু প্ৰায় ২৪ ঘণ্টা জেৰাৰ অন্তত IPCৰ ধাৰা ৩০২ৰ অধীনত গ্ৰেপ্তাৰ কৰে জ্যোতিষীগৰাকীক।

আৰক্ষীৰ তদন্ত অনুসৰি, জ্যোতিষীজনৰ কোঠাত বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল প্ৰেমিকাৰ মৃতদেহ ৷ইতিমধ্যে প্ৰেমিকৰূপী জ্যোতিষীগৰাকীয়ে যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।ইফালে আজি আদালতত কৰোৱা হ'ব জ্যোতিষী লিলা মাধৱ শইকীয়াক ৷ দিছপুৰ থানাত ৰুজু হোৱা গোচৰটো হৈছে ১০৪৯/২০২২ ৷

উল্লেখ্য যে, যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীৰ বিষ্ণুপুৰত। জ্যোতিষীগৰাকীৰ সৈতে বিগত ৩ বছৰ ধৰি কৰ্মৰত আছিল যুৱতীগৰাকী। এতিয়াও ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা । আৰক্ষীৰ সঠিক তদন্তৰ পিছত প্ৰকৃত ৰহস্য ওলাই পৰাৰ আশা কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com