লোমহৰ্ষকঃ খানাপাৰাত ক্ষত -বিক্ষত অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

ইয়াৰ পূৰ্বেও ঠিক এনে এক অৱস্থাত গুৱাহাটীৰ বৰাগাঁও অঞ্চলত উদ্ধাৰ কৰা হৈছিল আন এগৰাকী মহিলাৰ মৃতদেহ।
লোমহৰ্ষকঃ খানাপাৰাত ক্ষত -বিক্ষত অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ
Published on

গুৱাহাটীৰ খানাপাৰা অঞ্চলৰ এটা নলাৰ পৰা  উদ্ধাৰ  হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। 

 টুকুৰা - টুকুৰ কৰি কাটি এটা প্লাষ্টিকৰ মোনাত বান্ধি পেলাই দিয়া হৈছিল এটি নলাত।

ইয়াৰ পূৰ্বেও ঠিক এনে এক অৱস্থাত গুৱাহাটীৰ বৰাগাঁও অঞ্চলত উদ্ধাৰ কৰা হৈছিল আন এগৰাকী মহিলাৰ মৃতদেহ। মৃতকৰ নাম অন্তিমা গুপ্তা আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল তেওঁৰ ঘৰত ভাড়াতীয়াৰূপে বসবাস কৰি থকা আন এগৰাকী মহিলা দেৱযানী দাসৰ ঘৰৰ পৰা।

স্বামীয়ে মহিলাগৰাকী অন্তৰ্ধান হোৱাৰ গোচৰ আৰক্ষী চকীত ৰুজু কৰাৰ পাছতেই আৰক্ষী সক্ষম হৈছিল মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ। তথ্য অনুসৰি অন্তিমা গুপ্তাৰ স্বামীৰ সৈতে অবৈধ সম্পৰ্ক আছিল দেৱযানী দাসৰ। যাৰ ফলস্বৰূপে দেৱযানীৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল অন্তিমাই।

ইতিমধ্যে আৰক্ষীৰ আগত নিজৰ দোষ স্বীকাৰ কৰিছে অভিযুক্ত মহিলাগৰাকীয়ে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com