৯৬হেজাৰ টকাৰ জালনোটসহ বাংলাদেশী গ্ৰেপ্তাৰ

ধৃত বাংলাদেশী নাগৰিকজনৰ নাম বাদল মিঞা(৬৬) আৰু তেওঁৰ পৰা বি এছ এফে ৯৬টকাৰ ভাৰতীয় জালনোট জব্দ কৰে ৷
৯৬হেজাৰ টকাৰ জালনোটসহ বাংলাদেশী গ্ৰেপ্তাৰ

ক'ৰ'না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ মাজতে বাংলাদেশী অসাধু চক্ৰই ভাৰতলৈ জালনোট প্ৰেৰণৰ অপচেষ্টা অব্যাহত ৰাখিছে। ভাৰতলৈ জালনোট সৰবৰাহৰ অপচেষ্টা এজন বাংলাদেশী নাগৰিকক মেঘালয় সীমান্তৰ পৰা সীমা সুৰক্ষা বাহিনী (বি এছ এফ)-য়ে গ্ৰেপ্তাৰ কৰিছে ৷

ধৃত বাংলাদেশী নাগৰিকজনৰ নাম বাদল মিঞা(৬৬) আৰু তেওঁৰ পৰা বি এছ এফে ৯৬টকাৰ ভাৰতীয় জালনোট জব্দ কৰে ৷ এই সম্পৰ্কত বি এছ এফৰ উপ-মহা পৰিদৰ্শক ইউ কে নায়ালে কয় যে ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত বি এছ এফে উৎসৰ্গিকৃত মনোভাবেৰে সেৱা আগবঢ়াই আহিছে৷ উল্লেখ্য যে মেঘালয়-বাংলাদেশ সীমান্তৰ দূৰত্ব ৪৪৩কিলোমিটাৰ ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com