চালকৰ অনুজ্ঞাপত্ৰৰ ম্যাদ ৩১ ডিচেম্বৰলৈ বৃদ্ধি

পূৰ্বে এইসমূহৰ ম্যাদ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছিল ”।
চালকৰ অনুজ্ঞাপত্ৰৰ ম্যাদ ৩১ ডিচেম্বৰলৈ বৃদ্ধি
Published on: 

অহা ৩১ ডিচেম্বৰলৈ বৃদ্ধি পাইছে গাড়ীচালকৰ অনুজ্ঞাপত্ৰ আৰু আনুসংগিক নথিপত্ৰৰ ম্যাদ। আজি কেন্দ্ৰীয় চৰকাৰে এই সংক্ৰান্তীয় নীতি-নিৰ্দেশনা জাৰি কৰে। এনে নীতি-নিৰ্দেশনাত কোৱা হৈছে যে গাড়ীচালকৰ অনুজ্ঞাপত্ৰ আৰু আনুসংগিক নথিপত্ৰৰ ম্যাদ অহা ৩১ ডিচেম্বৰলৈ বৃদ্ধি পাইছে।

পূৰ্বে ইয়াৰ ম্যাদ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছিল কেন্দ্ৰই। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে এই সংক্ৰান্তত জাৰি কৰা এক জাননীত কোৱা হয়, ' চালকৰ অনুজ্ঞাপত্ৰ, গাড়ীৰ ফিটনেছ, গাড়ীৰ পঞ্জীয়ন নম্বৰ আদিৰ ম্যাদ অহা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। পূৰ্বে এইসমূহৰ ম্যাদ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছিল "।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com