Begin typing your search above and press return to search.

সকলো ৰাষ্ট্ৰায়ত্ব খণ্ডকে ব্যক্তিগত খণ্ডৰ বাবে মুকলি কেন্দ্ৰৰ

মোদীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ পেকেজৰ অন্তিম তথা পঞ্চম ব্যাখ্যা আগবঢ়ায়

সকলো ৰাষ্ট্ৰায়ত্ব খণ্ডকে ব্যক্তিগত খণ্ডৰ বাবে মুকলি কেন্দ্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 May 2020 1:20 PM GMT

সকলো ৰাষ্ট্ৰায়ত্ব খণ্ডকে বেচৰকাৰী খণ্ডৰ বাবে মুকলি কেন্দ্ৰৰঃ বিত্ত মন্ত্ৰীৰ ঘোষণা

দেশৰ সকলো ৰাষ্ট্ৰায়ত্ব খণ্ডক ব্যক্তিগত বিনিয়োগৰ বাবে মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে ।এই সকলো ৰাষ্ট্ৰায়ত্ব খণ্ডৰ মাজত ৰণনীতিগত খণ্ডও আছে ৷ আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰে। আজি বিত্ত মন্ত্ৰী সীতাৰমণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ পেকেজৰ অন্তিম তথা পঞ্চম ব্যাখ্যা আগবঢ়ায় ৷ এই ধাৰাবাহিক ব্যাখ্যাৰ জৰিয়তে বিত্ত মন্ত্ৰীগৰাকীয়ে ২০লাখ কোটি টকীয়া পেকেজৰ ধন কেনেদৰে ভাগ বটোৱাৰা কৰা হ'ব, সেয়া ব্যাখ্যা কৰে ৷ আজি তেওঁ কয় যে দেশৰ ৰণনীতিগত খণ্ডকে ধৰি সকলো খণ্ডতে ব্যক্তিগত খণ্ডক প্ৰবেশ কৰিবলৈ দিয়া হ'ব ৷ এনেদৰে ক'ৰ'না মহামাৰীয়ে সৃষ্টি কৰা জটিল আৰ্থিক সমস্যা দূৰীকৰণৰ তেওঁ ইংগিত দিয়ে ৷ আনহাতে, ৰাজ্যসমূহে ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদন (SGDP)-ৰ শতাংশত হিচাপত ল'ব পৰা ঋণৰ পৰিমাণ বৃদ্ধি কৰে ৷ সীতাৰমণে কয় যে কেতবোৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান(CPSU)-ৰ অংশ প্ৰণালীবদ্ধভাৱে বিক্ৰী কৰা হ'ব ৷ " এই চৰকাৰে অগ্ৰাধিকাৰ দিয়া ধৰণে কেতবোৰ বাছনিভুক্ত CPSU-ত নিৰ্বিয়োজন অব্যাহত থাকিব ৷ পৰিৱৰ্তিত সমষ্টিব্যাদী আৰ্থিক প্ৰেক্ষাপটত কেৱল এয়াৰ ইণ্ডিয়াৰে নহয়, আন কেতবোৰ CPSU-তো নিৰ্বিনিয়োজন কৰা হ'ব ," বিত্ত মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ৷

Next Story
চাকৰি