৩০ আগষ্টৰ ভিতৰত অসমত ক'ৰ'না ৰোগীৰ সংখ্যা ৬৫হেজাৰলৈ বৃদ্ধিৰ সম্ভাৱনা

ইয়াৰে ৩০ হেজাৰ কেৱল গুৱাহাটীৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰৰ তথ্যৰ উদ্ধৃতি দি মন্ত্ৰীজনে কয়।
৩০ আগষ্টৰ ভিতৰত অসমত ক'ৰ'না ৰোগীৰ সংখ্যা ৬৫হেজাৰলৈ বৃদ্ধিৰ সম্ভাৱনা
Published on

ৰাজ্যত ক'ৰ'না মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে এক উদ্বেগজনক বাৰ্তা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰৰ ধাৰণা মতে, অসমত অহা ৩০ আগষ্টলৈকে ক'ৰ'না ৰোগীৰ সংখ্যা ৬৫হেজাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই উদ্বেগজনক বাৰ্তা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে কেন্দ্ৰই অহা ৩০ আগষ্টলৈকে অসমত ক'ৰ'না ৰোগীৰ সংখ্যা ৬৫ হেজাৰ হ'বগৈ বুলি ধাৰণা কৰিছে। ইয়াৰে ৩০ হেজাৰ কেৱল গুৱাহাটীৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰৰ তথ্যৰ উদ্ধৃতি দি মন্ত্ৰীজনে কয়।

তেওঁ লগতে কয়, " আজি বিষয়াবৰ্গই এই বিষয়ক লৈ আলোচনাত মিলিত হৈছে। কেন্দ্ৰৰ পত্ৰ অনুসৰি নগাঁৱত ক'ৰ'না ৰোগীৰ সংখ্যা ২৪০০ হ'বগৈ। গুৱাহাটীত ক'ৰ'না ৰোগীৰ সংখ্যা ৩২ হেজাৰ হোৱাৰ সম্ভাৱনা আছে"। অৱশ্যে কেনে তথ্যৰ ভিত্তিত এনে ধাৰণা কৰা হৈছে, সেয়া স্পষ্ট হ'বলৈ বাকী আছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com