প্ৰতিক্ৰিয়াঃ উলুবাৰীৰ শ্মশানৰ পৰা ডঃ কাকতিৰ নাম প্ৰত্যাহাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
বিদ্বান মণীষী, পণ্ডিতপ্ৰবৰ ডঃ বাণীকান্ত কাকতিৰ নামেৰে গুৱাহাটীৰ উলুবাৰীত শ্মশান স্থাপনক লৈ সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াই গা লৰালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ছ'চিয়েল মিডিয়াত ইয়াকে লৈ আজি তুমুল সমালোচনাৰ জোৱাৰ উঠাত মুখ্যমন্ত্ৰীয়ে শ্মশানখনৰ পৰা ডঃকাকতিৰ নামফলক আঁতৰাবলৈ নিৰ্দেশ জাৰি কৰিছে।
উল্লেখ্য যে সোমবাৰে গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমখন বৈদ্যুতিক শ্মশান উদ্বোধন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ উলুবাৰী ৰাজহুৱা শ্মশানত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ(জি এম ডি এ)-ই নিৰ্মাণ কৰি উলিওৱা শ্মশান খনৰ নামাকৰণ কৰা হৈছিল ডঃ বাণীকান্ত কাকতি বৈদ্যুতিক শ্মশান হিচাপে ৷
এগৰাকী বৰণ্যে ব্যক্তিৰ নামত শ্মশানখনৰ নাম দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া আৰু বৌদ্ধিক প্ৰতিবাদৰ পিছত বিষয়টোত হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে। ছচিয়েল মিডিয়াত ভিন্ন জনে সমালোচনা কৰে চৰকাৰক ৷ সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে শ্মশানখনৰ পৰা ডঃকাকতিৰ নামফলক আঁতৰাবলৈ নিদেৰ্শ জাৰি কৰে ৷
আৰু পঢ়িব পাৰেঃ ভূতৰ ওপৰত দানহ! এফালে ক'ৰ'না, আনফালে গুৱাহাটীত কৃত্ৰিম বান