ভুৱা বাতৰি প্ৰচাৰ চলোৱা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে এই বাতৰি সম্পূৰ্ণৰূপে ভুৱা আৰু এনে ধৰণৰ ভুৱা প্ৰচাৰৰ পৰা ৰাইজক বাচি থাকিবলৈ আহ্বান জনায়।
ভুৱা বাতৰি প্ৰচাৰ চলোৱা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

টুইটাৰ যোগে প্ৰকাশ পোৱা কিছু ভুৱা বাতৰিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইণ্টাৰনেট যোগে সম্প্ৰচাৰ হৈছে তেওঁৰ নামত এটি ভুৱা বাতৰি। এই বাতৰি অনুসৰি বৃদ্ধি পোৱা ক'ৰণাৰ তাণ্ডবৰ হেতু অহা ২০ নৱেম্বৰৰ পৰা সকলো স্কুল আৰু কলেজ পুনৰ  বন্ধ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে এই বাতৰি সম্পূৰ্ণৰূপে ভুৱা আৰু এনে ধৰণৰ ভুৱা প্ৰচাৰৰ পৰা ৰাইজক বাচি থাকিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ লগতে নিজৰ প'ষ্টৰ জৰিয়তে ইয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ অসম আৰক্ষীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই বাৰ্তাৰ প্ৰত্যুত্তৰত অসম আৰক্ষীয়ে জনাইছে যে এই গোচৰৰ তদন্তৰ দায়িত্ব সম্প্ৰতি অপৰাধ শাখাক দিয়া হৈছে। আৰু লগতে বিভাগটোৱে ইয়াৰ ওপৰত অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিবলৈ পোৱা গৈছে।

উল্লেখযোগ্য যে এই ভুৱা বাতৰিটোৰ ফটো বৰ্তমানে ৱাটচএপ আৰু অন্য ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে বহুতো লোকৰ ওচৰলৈ গৈছে।

ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী গৰাকীৰ নামত বিদ্যালয়সমূহ পুনৰ  মুকলি নকৰাৰ ভুৱা বাতৰি দুষ্টচক্ৰই ইণ্টাৰনেটযোগে প্ৰচাৰ কৰিছিল। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com