আফ্ৰিকান ছোৱাইন ফ্লুঃ সকলো ৰুগীয়া গাহৰি বধৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

আফ্ৰিকান ছোৱাইন ফ্লুঃ সকলো ৰুগীয়া গাহৰি বধৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰোগাক্ৰান্ত গাহৰি বধৰ ফলত গাহৰি পালকসকলৰ যি ক্ষতি হব, সেই ক্ষতি পূৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়েনিৰ্দেশ দিয়ে ৷
Published on

ক'ৰ'নাৰ বিভীষিকাৰ মাজতে ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে আফ্ৰিকান ছোৱাইন ফ্লুৱে ৷ এই সংক্ৰামক ৰোগত বহু গাহৰি আক্ৰান্ত হৈছে ৷ সম্প্ৰতি এনে সকলো গাহৰি বধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ৰাজ্যত আফ্ৰিকান ছোৱাইন ফ্লুৱে সৃষ্টি কৰা পৰিস্থিতিক লৈ বুধবাৰে মুখ্যমন্ত্ৰী সোণোৱালে পশুপালন আৰু পশুচিকিৎসা বিজ্ঞান বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে এক বৈঠকৰ আয়োজন কৰে ৷

এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে ৰোগাক্ৰান্ত গাহৰিবোৰ বাচি বাচি বধ কৰিবলৈ বিভাগীয় বিষয়াবৰ্গক নিৰ্দেশ দিয়ে ৷ পৰিস্থিতিৰ বিভিন্ন দিশ তথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন নিৰ্দেশনা জুঁকিয়াই এনে সিদ্ধান্ত ল'বলগা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে বৈঠকত উল্লেখ কৰে ৷এনে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে ৰপ্তানীকাৰীয়েও ৷ তেওঁ কয় যে আফ্ৰিকান ছোৱাইন ফ্লু ৰোগাক্ৰান্ত গাহৰিবোৰ শীঘ্ৰে চিনাক্ত আৰু বধ কৰি নিৰোগী গাহৰিবোৰক ৰক্ষা কৰিব লাগিব ৷

আনহাতে, ৰোগাক্ৰান্ত গাহৰি বধৰ ফলত গাহৰি পালকসকলে যি ক্ষতিৰ সন্মুখীন হ'ব, সেই ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিভাগৰ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে ৷ লগতে তেওঁ ৰোগাক্ৰান্ত গাহৰিৰ বসতিস্থলসমূহ ছেনিটাইজ কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে এই সংক্ৰামক ৰোগ নিৰোগী প্ৰাণীৰ শৰীৰলৈ সোঁচৰাতো ৰোধ কৰিব পৰা যায় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com