ক'ৱিড-১৯প্ৰতিৰোধঃ স্বাস্থ্য বিভাগক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ক'ৱিড-১৯প্ৰতিৰোধঃ স্বাস্থ্য বিভাগক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Published on

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰী ৰোধৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ জাৰি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ক'ৱিড-১৯ত আক্ৰান্তৰ সংখ্যা দ্ৰূত গতিত বৃদ্ধি পোৱা তথা গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ঘটাৰ আশংকা প্ৰকট হোৱাৰ সময়তে আজি মুখ্যমন্ত্ৰী সোণোৱালে এই মহামাৰীজনিত পৰিস্থিতিৰ পুনৰীক্ষণ কৰে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণও উপস্থিত থকা এই পুনৰীক্ষণ বৈঠকত সোণোৱালে কয় যে যিকোনো মূল্যৰ বিনিময়ত ক'ৰ'না মহামাৰী প্ৰতিৰোধ কৰিবই লাগিব ৷ ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী শৰ্মাই ৰাজ্যৰ ক'ৰ'না মহামাৰীজনিত শেহতীয়া পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰে ৷ তদুপৰি বৈঠকত উপস্থিত থকা কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৱে মুখ্যমন্ত্ৰীক অৱগত কৰে যে এই মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে গুৱাহাটীৰ ১১টা ৱাৰ্ডৰ কেতবোৰ স্থানত ১৪দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰা হৈছে ৷ আনহাতে, বৈঠকত উপস্থিত থকা স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই গুৱাহাটীত ক'ৰ'না নমুনা পৰীক্ষণৰ পৰীক্ষাগাৰ পূৰ্বৰ ১২টাৰ পৰা ৩১টালৈ বৃদ্ধি কৰা হৈছে ৷ সিনহাই লগতে গুৱাহাটীত ক'ৰ'না আক্ৰান্তৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com